Tuesday, August 29, 2017

Hunere Khojua Poja Johi Khohi Jai

"সোঁণেৰে সজোৱা পজা"

সোঁণেৰে সজোৱা পজা যহি-সহি যায়,
কোনে আজি সাজিবহি পাৰিব দুনাই - ২
এধানী এধানী কৈ মেদিনী হেৰাই,
সাত ৰঙী ৰামধেনু ডাৱৰত লুকাই,
কোনেওঁ নুবুজে কাকো নিজকে ধিয়াই,
সোঁণেৰে সজোৱা পজা যহি-সহি যায়,
কোনে আজি সাজিবহি পাৰিব দুনাই।



বুঢ়ী আইৰ জু-হালতে চকুলু শুকাই,
দেউতাৰো একে দশা পদুলিলে চাই,
বহু দিন হ'ল সৰু বোপাৰ মূখ দেখা নাই,
চেনেহীৰ আকাশত আজি জুন-তৰা নাই,
হালৰ গৰু গোহালিতে পথাৰো শুকাই,
ৰাতি হ'লে গুলিৰ শব্দ ৰজন-জনাই,


সোঁণেৰে সজোৱা পজা যহি-সহি যায়,
কোনে আজি সাজিবহি পাৰিব দুনাই।-২



স্বাধীনতাৰ বুজ লওঁতেই এশ-বছৰ গল,
বিষ্ণু-জ্যোতিৰ জোণাকীৰ দেশ এতিয়াওঁ নহ'ল,
মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ,
পঢ়া-শুনা সংস্কৃতি সকলো অসাৰ,
এয়াই জানো সপোন আছিল কুৰি শতিকাৰ,
সকলোতে মাঠো প্ৰশ্ন অনিয়ম অনাচাৰ।
সোঁণেৰে সজোৱা পজা যহি-সহি যায়,
কোনে আজি সাজিবহি পাৰিব দুনাই - ২
এধানী এধানী কৈ মেদিনী হেৰাই,
সাত ৰঙী ৰামধেনু ডাৱৰত লুকাই,
কোনেওঁ নুবুজে কাকো নিজকে ধিয়াই,
সোঁণেৰে সজোৱা পজা যহি-সহি যায়,
কোনে আজি সাজিবহি পাৰিব দুনাই-২।।


No comments:

Post a Comment